মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Atal Amrit Abhiyan

কেনেকৈ নামভৰ্তি কৰিম?

মূল বিষয়:

  • প্ৰতিগৰাকী পৰিয়ালৰ সদস্যৰ বাবে EPIC (ভোটাৰ পৰিচয়পত্ৰ)
  • পৰিয়ালৰ শিশু সদস্যসকলৰ বাবে জন্মৰ প্ৰমাণপত্ৰ
  • এপিএল পৰিয়ালৰ সদস্যসকলে অতিৰিক্তভাৱে তেওঁলোকৰ আয়ৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব লাগিব আৰু প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰিমিয়াম হিচাপে ১০০/- টকাকৈ মাচুল আদায় দিব লাগিব।
  • অতিৰিক্ত নথি হিচাপে হিতাধিকাৰীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ) ৰ কাৰ্ড প্ৰদৰ্শন কৰিব পাৰে।

২. এনৰোলমেণ্ট কেন্দ্ৰলৈ যাওক; সকলো হিতাধিকাৰীয়ে এনৰোলমেণ্ট কেন্দ্ৰত শাৰীৰিকভাৱে উপস্থিত থাকিব লাগিব।

৩. পৰীক্ষকে সকলো নথিপত্ৰ পৰীক্ষা কৰিব আৰু যোগ্যতা বিচাৰ কৰিব।

  • এপিএল হিতাধিকাৰীসকলে নিৰ্দিষ্ট বেংক একাউণ্টত টকা জমা দিবলৈ বিশেষ নম্বৰৰ চালান লাভ কৰিব।

৪.    পৰীক্ষা (আৰু প্ৰয়োজনীয় চালান আদায় লোৱা) ৰ পিছত অপাৰেটৰে প্ৰতিগৰাকী হিতাধিকাৰীৰ একোখনকৈ ফটো লয় আৰু আঙুলিৰ চাপ সংগ্ৰহ কৰে।

৫.    অপাৰেটৰে হিতাধিকাৰীৰ কাৰণে AAA ID card আৰু আঁচনিৰ পত্ৰিকা উলিয়ায়।

নিৰ্দেশাৱলীৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ ১৮০০ ১০৩ ৯৯৭৫ ত ফোন কৰক।