মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Atal Amrit Abhiyan

অটল অমৃত অভিযান

  • অটল অমৃত অভিযান আঁচনি- অসমৰ জনসাধাৰণৰ কাৰণে এক অনন্য ক্ৰিটিকেল সেৱা স্বাস্থ্য নিশ্চয়তা আঁচনি

    অটল অমৃত অভিযান অসম চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি যত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক নগদবিহীন চিকিৎসা প্ৰদান কৰা হয়। এই আঁচনিখনৰ অধীনত, সম্পূৰ্ণ নগদবিহীন ভিত্তিত অনুমোদিত পদ্ধতিৰে বছৰি 2 লাখ টকা পৰ্যন্ত চিকিৎসা লাভালাভ প্ৰদান কৰা হয়। হিতাধিকাৰীসকলে আঁচনিখনৰ অধীনত ছয়টা ক্ৰিটিকেল সেৱা বিশিষ্টতা তালিকাভূক্ত চৰকাৰী/ব্যক্তিগত চিকিৎসালয়ত নগদবিহীন চিকিৎসা প্ৰাপ্ত কৰিব পাৰে। ছয়টা বিশিষ্টতা হৈছে-

    • কৰ্কট ৰোগ
    • হৃদ ৰোগ
    • বৃক্কৰ ৰোগ
    • স্নায়জনিত বিকাৰ
    • নৱজাতকৰ ৰোগসমূহ
    • অগ্নিদগ্ধসমূহ
    বিস্তাৰিত অটল অমৃত অভিযানৰ বিশিষ্টতাসমূহ হৈছে-
    • আই চি ইউ পেকেজসমূহ
    • মানসিক অসুস্থতা
    • শিশুসকলৰ ক্ৰিটিকেল কেয়াৰ
    • শিশু ৰোগৰ অস্ত্ৰোপ্ৰচাৰ
    • জাপানীজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিক চিণ্ড্ৰোম
    • অতিৰিক্ত প্ৰক্ৰিয়া(এ এ এ-ৰ অধীনত অস্থি মজ্জাৰ সংৰোপণো সামৰি লোৱা হয়)
    চিকিৎসালয়সমূহ

    ৰাজ্যৰ অন্তৰ্গত আৰু বাহিৰাগত ব্যক্তিগত চিকিৎসালয়, ৰাজহুৱা, ট্ৰাষ্টক আঁচনিখনৰ অধীনত অন্তৰ্ভূক্ত কৰা হৈছে। তালিকাভুক্ত চিকিৎসালয়বোৰ হৈছে একমাত্ৰ চিকিৎসালয় য'ত হিতাধিকাৰীয়ে আঁচনিখনৰ অধীনত বিনামূলীয়া নগদবিহীন চিকিৎসা (উপযোগ্য পৰিমাণলৈকে) লাভ কৰাৰ বাবে সুবিধা প্ৰাপ্ত কৰে।

    যোগ্যতা:

    দৰিদ্ৰ সীমাৰেখাৰ তলৰ(বাৰ্ষিক আয় ১.২ লাখ টকালৈকে হয়) আৰু দৰিদ্ৰ সীমা ৰেখাৰ উৰ্ধৰ (বাৰ্ষিক আয় ১.২ আৰু ৫ লাখৰ ভিতৰত হয়) সকলো লোকে এই আঁচনিখনৰ অধীনত ভৰ্তিকৰণৰ বাবে আৰু সুবিধাসমূহ প্ৰাপ্ত কৰাৰ বাবে যোগ্য হয়।

    • দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালসমূহৰ সদস্যসকলৰ বাবে এই আঁচনিখনৰ অধীনত ভৰ্তিকৰণ সম্পূৰ্ণৰূপে বিনামূলীয়া।
    • ভৰ্তিকৰণৰ সময়ত এ পি এল পৰিয়ালৰ সদস্যসকলৰ প্ৰতিজন ব্যক্তিয়ে নূন্যতম পৰিমাণ ১০০/- টকাৰ নামমাত্ৰ পৰিশোধ কৰাৰ প্ৰয়োজন হয়। প্ৰতি বছৰে প্ৰতিজন এ পি এল হিতাধিকাৰীৰ পৰা বছৰি নৱীকৰণৰ বাবে ১০০/- টকা আদায় লোৱা হয়।
    আঁচনিখনৰ অধীনত ভৰ্তিকৰণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহঃ
    • ভোটাৰ আই ডি কাৰ্ড
    • পান কাৰ্ড
    • ভৰ্তিকৰণৰ সময়ত বি পি এল পৰিয়ালৰ প্ৰত্যেকজন সদস্যই তেওঁৰ পৰিয়ালৰ এন এফ এছ এ কাৰ্ড দাখিল লাগিব
    • প্ৰসকলো এ পি এল পৰিয়ালৰ সদস্যই বাৰ্ষিক পৰিয়ালৰ উপাৰ্জন ৫ লাখ টকাতকৈ কম বুলি সূচিত কৰি চক্ৰ বিষয়াৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

    নামভৰ্তিৰ বাবে, যোগ্য হিতাধিকাৰীয়ে তলত দিয়া বিৱৰণ অনুসৰি জিলাখনত অৱস্থিত অটল অমৃত অভিযান কিয়স্কসমূহৰ কাষ চাপিব পাৰে:

    জিলাৰ নাম KIOSK'ৰ স্থান
    বাক্সা ডo ৰবি বড়ো অসামৰিক চিকিৎসালয়
    বৰপেটা এফ এ এ এম চি এইচ্
    বঙাইগাঁৱ সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক
    বিশ্বনাথ বিশ্বনাথ অসামৰিক চিকিৎসালয়
    কাছাৰ এচ এম দেৱ অসামৰিক চিকিৎসালয়
    চিৰা‍ং কাজলগাঁও জিলা কেন্দ্ৰ
    চৰাইদেও সোণাৰি এচ ডি চি এইচ্
    দৰং মঙ্গলদৈ নতুন প্ৰসূতি চিকিৎসালয়
    ধেমাজী ধেমাজী অসামৰিক চিকিৎসালয়
    ধুবুৰী সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক
    ডিব্ৰুগড় ১. সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক. ২. এ এম চি এইচ্
    ডিমা হাছাও সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক
    গোৱালপাৰা সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক
    গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়
    হাইলাকান্দি এচ কে ৰয় অসামৰিক চিকিৎসালয়
    হোজাই হোজাই এফ আৰ ইউ
    যোৰহাট যোৰহাট চিকিৎসা মহাবিদ্যালয়
    কামৰূপ মেট্ৰ' জি এম চি এইচ্ আৰু এম চি চি এইচ্
    কামৰূপ গ্ৰাম্য তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়
    পূৱ কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়, ডিফু
    পশ্চিম কাৰ্বি আংলং ডোনকামোকাম চি এইচ্ চি
    কৰিমগঞ্জ সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক
    কোকৰাঝাৰ সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক
    লক্ষীমপুৰ উত্তৰ লক্ষীমপুৰ অসামৰিক চিকিৎসালয়
    মৰিগাঁৱ মৰিগাঁৱ অসামৰিক চিকিৎসালয়
    মাজুলী গড়মূৰ এচ ডি চি এইচ্
    নগাঁও বি পি অসামৰিক চিকিৎসালয়
    নলবাৰী নলবাৰী অসামৰিক চিকিৎসালয়
    শিৱসাগৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়
    শোণিতপুৰ সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু তি এম চি এইচ্
    দক্ষিণ শালমাৰা মানকাছাৰ গাজিকান্দি বি পি চি এইচ্
    তিনিচুকীয়া এল জি বি অসামৰিক চিকিৎসালয়
    ওদালগুৰি ওদালগুৰি অসামৰিক চিকিৎসালয়