অটল অমৃত অভিযান অসম চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি যত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক নগদবিহীন চিকিৎসা প্ৰদান কৰা হয়। এই আঁচনিখনৰ অধীনত, সম্পূৰ্ণ নগদবিহীন ভিত্তিত অনুমোদিত পদ্ধতিৰে বছৰি 2 লাখ টকা পৰ্যন্ত চিকিৎসা লাভালাভ প্ৰদান কৰা হয়। হিতাধিকাৰীসকলে আঁচনিখনৰ অধীনত ছয়টা ক্ৰিটিকেল সেৱা বিশিষ্টতা তালিকাভূক্ত চৰকাৰী/ব্যক্তিগত চিকিৎসালয়ত নগদবিহীন চিকিৎসা প্ৰাপ্ত কৰিব পাৰে। ছয়টা বিশিষ্টতা হৈছে-
ৰাজ্যৰ অন্তৰ্গত আৰু বাহিৰাগত ব্যক্তিগত চিকিৎসালয়, ৰাজহুৱা, ট্ৰাষ্টক আঁচনিখনৰ অধীনত অন্তৰ্ভূক্ত কৰা হৈছে। তালিকাভুক্ত চিকিৎসালয়বোৰ হৈছে একমাত্ৰ চিকিৎসালয় য'ত হিতাধিকাৰীয়ে আঁচনিখনৰ অধীনত বিনামূলীয়া নগদবিহীন চিকিৎসা (উপযোগ্য পৰিমাণলৈকে) লাভ কৰাৰ বাবে সুবিধা প্ৰাপ্ত কৰে।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ(বাৰ্ষিক আয় ১.২ লাখ টকালৈকে হয়) আৰু দৰিদ্ৰ সীমা ৰেখাৰ উৰ্ধৰ (বাৰ্ষিক আয় ১.২ আৰু ৫ লাখৰ ভিতৰত হয়) সকলো লোকে এই আঁচনিখনৰ অধীনত ভৰ্তিকৰণৰ বাবে আৰু সুবিধাসমূহ প্ৰাপ্ত কৰাৰ বাবে যোগ্য হয়।
নামভৰ্তিৰ বাবে, যোগ্য হিতাধিকাৰীয়ে তলত দিয়া বিৱৰণ অনুসৰি জিলাখনত অৱস্থিত অটল অমৃত অভিযান কিয়স্কসমূহৰ কাষ চাপিব পাৰে:
| জিলাৰ নাম | KIOSK'ৰ স্থান |
|---|---|
| বাক্সা | ডo ৰবি বড়ো অসামৰিক চিকিৎসালয় |
| বৰপেটা | এফ এ এ এম চি এইচ্ |
| বঙাইগাঁৱ | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| বিশ্বনাথ | বিশ্বনাথ অসামৰিক চিকিৎসালয় |
| কাছাৰ | এচ এম দেৱ অসামৰিক চিকিৎসালয় |
| চিৰাং | কাজলগাঁও জিলা কেন্দ্ৰ |
| চৰাইদেও | সোণাৰি এচ ডি চি এইচ্ |
| দৰং | মঙ্গলদৈ নতুন প্ৰসূতি চিকিৎসালয় |
| ধেমাজী | ধেমাজী অসামৰিক চিকিৎসালয় |
| ধুবুৰী | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| ডিব্ৰুগড় | ১. সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক. ২. এ এম চি এইচ্ |
| ডিমা হাছাও | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| গোৱালপাৰা | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| গোলাঘাট | কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় |
| হাইলাকান্দি | এচ কে ৰয় অসামৰিক চিকিৎসালয় |
| হোজাই | হোজাই এফ আৰ ইউ |
| যোৰহাট | যোৰহাট চিকিৎসা মহাবিদ্যালয় |
| কামৰূপ মেট্ৰ' | জি এম চি এইচ্ আৰু এম চি চি এইচ্ |
| কামৰূপ গ্ৰাম্য | তুলাৰাম বাফনা অসামৰিক চিকিৎসালয় |
| পূৱ কাৰ্বি আংলং | জিলা উপায়ুক্ত কাৰ্যালয়, ডিফু |
| পশ্চিম কাৰ্বি আংলং | ডোনকামোকাম চি এইচ্ চি |
| কৰিমগঞ্জ | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| কোকৰাঝাৰ | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| লক্ষীমপুৰ | উত্তৰ লক্ষীমপুৰ অসামৰিক চিকিৎসালয় |
| মৰিগাঁৱ | মৰিগাঁৱ অসামৰিক চিকিৎসালয় |
| মাজুলী | গড়মূৰ এচ ডি চি এইচ্ |
| নগাঁও | বি পি অসামৰিক চিকিৎসালয় |
| নলবাৰী | নলবাৰী অসামৰিক চিকিৎসালয় |
| শিৱসাগৰ | শিৱসাগৰ অসামৰিক চিকিৎসালয় |
| শোণিতপুৰ | সাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু তি এম চি এইচ্ |
| দক্ষিণ শালমাৰা মানকাছাৰ | গাজিকান্দি বি পি চি এইচ্ |
| তিনিচুকীয়া | এল জি বি অসামৰিক চিকিৎসালয় |
| ওদালগুৰি | ওদালগুৰি অসামৰিক চিকিৎসালয় |