অটল অমৃত অভিযান আঁচনি হৈছে জটিল ৰোগৰ পৰা নিৰাময়ৰ অৰ্থে সেৱা প্ৰদান কৰাৰ নিশ্চিতিৰে অসমৰ জনসাধাৰণৰ বাবে প্ৰণয়ন কৰা এক স্বাস্থ্য আঁচনি। দুখীয়া জনসাধাৰণক নগদবিহীন চিকিৎসা সেৱা আগবঢ়োৱা অটল অমৃত অভিযান হৈছে অসম চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী ব্যক্তিলৈ বছৰি অনুমোদিত প্ৰক্ৰিয়া অনুসৰি ২ লাখ টকালৈ সম্পূৰ্ণ নগদবিহীন চিকিৎসা সেৱা প্ৰদান কৰা হয়। হিতাধিকাৰীসকলে আঁচনিৰ অধীনত নিৰ্ধাৰিত চৰকাৰী/ব্যক্তিগত চিকিৎসালয়সমূহত ছটা জটিল ৰোগৰ নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰে। এই ৰোগসমূহ হৈছে –
বিস্তৰিতা অটল অমৃত অভিযানৰ বিশেষত্বসমূহ হৈছে –
আঁচনিৰ অধীনত ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ ৰাজহুৱা, ন্যাস আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালসমূহ ইয়াৰ বাবে নিৰ্ধাৰণ (Empanelled) কৰা হয়। এই নিৰ্ধাৰিত চিকিৎসালয়সমূহেই একমাত্ৰ চিকিৎসালয় য’ত হিতাধিকাৰীসকলে এই আঁচনিৰ অধীনত নগদবিহীন বিনামূলীয়া চিকিৎসা সেৱা (নিৰ্ধাৰিত পৰিমাণলৈকে) লাভ কৰিব পাৰে।
দৰিদ্ৰ সীমাৰেখাৰ তলত (বি পি এল) বাস কৰা (যাৰ বাৰ্ষিক আয় ১.২ লাখ টকা) লোক আৰু দৰিদ্ৰ সীমাৰেখাৰ ওপৰত বাস কৰা পৰিয়ালসমূহ (যাৰ বাৰ্ষিক আয় ১.২ লাখৰ পৰা ৫ লাখ টকালৈ) এই আঁচনিৰ অধীনত সেৱা লাভ কৰিবলৈ যোগ্য।
এনৰোলমেণ্টৰ বাবে যোগ্যতাসম্পন্ন হিতাধিকাৰীয়ে তলত উল্লিখিত জিলাসমূহত থকা অটল অমৃত অভিযান কিয়স্ক’ৰ ওচৰ চাপিব পাৰে:
| জিলাৰ নাম | কিয়স্ক’ৰ স্থান |
|---|---|
| বাক্সা | ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় |
| বৰপেটা | FAAMCH |
| বঙাইগাঁও | স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| বিশ্বনাথ | বিশ্বনাথ অসামৰিক চিকিৎসালয় |
| কাছাৰ | এছ এম দেৱ অসামৰিক চিকিৎসালয় |
| চিৰাং | কাজলগাঁও জিলা কেন্দ্ৰ |
| চৰাইদেউ | সোণাৰি এছ ডি চি এইছ |
| দৰং | মঙলদৈ নিউ ম্যাটাৰনিটি হস্পিটাল |
| ধেমাজি | ধেমাজি অসামৰিক চিকিৎসালয় |
| ধুবুৰী | স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| ডিব্ৰুগড় | ১. স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, ২. এ এম চি এইছ |
| ডিমা হাছাও | স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| গোৱালপাৰা | স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| গোলাঘাট | কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় |
| হাইলাকান্দি | এছ কে ৰয় অসামৰিক চিকিৎসালয় |
| হোজাই | হোজাই এফ আৰ ইউ |
| যোৰহাট | যোৰহাট চিকিৎসা মহাবিদ্যালয় |
| কামৰূপ মহানগৰ | জিএমচিএইছ আৰু এমএমচিএইছ |
| কামৰূপ গ্ৰাম্য | তুলাৰাম বাফনা আসামৰিক চিকিৎসালয় |
| কাৰ্বি আংলং পূব | ডি চি অফিচ, ডিফু |
| কাৰ্বি আংলং পশ্চিম | দনকামকাম চি এইছ চি |
| কৰিমগঞ্জ | স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| কোকৰাঝাৰ | স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক |
| লখিমপুৰ | উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয় |
| মৰিগাঁও | মৰিগাঁও অসামৰিক চিকিৎসালয় |
| মাজুলী | গড়মূড় এছ ডি চি এইছ |
| নগাঁও | বি পি অসামৰিক চিকিৎসালয় |
| নলবাৰী | নলবাৰী অসামৰিক চিকিৎসালয় |
| শিৱসাগৰ | শিৱসাগৰ অসামৰিক চিকিৎসালয় |
| শোণিতপুৰ | স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু টি এম চি এইছ |
| এছ এছ মানকাছাৰ | গাজিকান্দি বি এইছ পি চি |
| তিনিচুকীয়া | এল জি বি অসামৰিক চিকিৎসালয় |
| ওদালগুৰি | ওদালগুৰি অসামৰিক চিকিৎসালয় |