মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Atal Amrit Abhiyan

আয়ুস্মান ভাৰত - প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা

আয়ুস্মান ভাৰত - প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (আপোনাৰ স্বাস্থ্য, আমাৰ দায়বদ্ধতা)
আয়ুস্মান ভাৰত - প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা হৈছে ভাৰত চৰকাৰৰ এক ৰাষ্ট্ৰীয় ফ্লেগশ্বিপ আঁচনি যাৰ লক্ষ্য হৈছে দুখীয়া লোকসকলৰ বিত্তীয় বোজা লাঘৱ কৰা। আঁচনিৰ অধীনত প্ৰতি যোগ্য পৰিয়াললৈ প্ৰতি বছৰে উল্লেখ কৰা এমপেনেলড চিকিৎসালয়সমূহত দ্বিতীয়ক আৰু তৃতীয়ক ভিত্তিত নগদবিহীন চিকিৎসা সেৱা প্ৰদানৰ বাবে পাঁচ লাখৰ কাভাৰেজ প্ৰদান কৰা হয়। SECC-2011 ডেটাবেছত তালিকাভুক্ত সকলো পৰিয়ালকে যোগ্যতা অনুসৰি এই আঁচনিয়ে সামৰি লয়। AB-PMJAY ৰ অধীনত ২৫ টা স্পেচিয়েলিটি সামৰি লৈ ১৩৫০ টা প্ৰোচিডিয়াৰ আছে। এইসমূহ তলত দিয়া ধৰণৰ-
বাৰ্ণছ মেনেজমেণ্ট, কাৰ্ডিঅ'লজি, কাৰ্ডিঅ'-থৰেছিক এণ্ড ভাস্কুলাৰ ছাৰ্জাৰি, ইমাৰজেন্সি ৰূম পেকেজ, জেনেৰেল মেডিছিন, জেনেৰেল ছাৰ্জাৰি,
ইণ্টাৰভেন্সনেল নিউৰ'ৰেডিঅ'লজি, মেডিকেল অনক'লজি, মেণ্টেল ডিজঅৰ্ডাৰ পেকেজ, নিঅ'নেটেল কেয়াৰ পেকেজ, নিউৰ'ছাৰ্জাৰি, অবষ্ট্ৰেট্ৰিকছ এণ্ড গাইন'কলজি, অফথেলম'লজি, অৰেল এণ্ড মেক্সিল'ফেচিয়েল ছাৰ্জাৰি, অৰ্থপেডিকছ, অটৰহিন'লেৰিনগলজি, পেড্ৰিয়াটিক মেডিকেল মেনেজমেণ্ট, পেড্ৰিয়াটিক ছাৰ্জাৰি, প্লাষ্টিক এণ্ড কনষ্ট্ৰাকটিভ ছাৰ্জাৰি, পলিট্ৰ'মা, ৰেডিয়েশ্যন অনক'লজি, ছাৰ্জিকেল অনক'লজি, ইউৰ'লজি, পেড্ৰিয়াটিক কেন্সাৰ আৰু আনস্পেচিফাইড ছাৰ্জিকেল পেকেজ।

চিকিৎসালয় লাভ কৰক

চিকিৎসালয়, ৰাজহুৱা, ব্যক্তিগত আৰু চি এইছ চি/মহকুমা/আদৰ্শ চিকিৎসালয়সমূহ এই আঁচনিৰ অধীনত এমপেনেলড কৰা হৈছে। এমপেনেলড চিকিৎসালয়সমূহেই একমাত্ৰ চিকিৎসালয় য'ত হিতাধিকাৰীসকলে এই আঁচনিৰ অধীনত (নিৰ্দিষ্ট পৰিমাণলৈকে) বিনামূলীয়া নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰে।

হস্পিটাল এমপেনেলমেণ্ট

হস্পিটাল এমপেনেলমেণ্ট প্ৰক্ৰিয়াৰ বাবে অনুগ্ৰহ কৰি দৰ্শন কৰক https://hospitals.pmjay.gov.in

যোগ্যতা:

  • SECC ডেটাবেছ (২০১১) ত বৈধ থকা প্ৰতিটো পৰিয়ালেই যোগ্যতাসম্পন্ন হ'ব আৰু এই আঁচনিৰ অধীনত চিকিৎসা সেৱা লাভ কৰিব পাৰিব।
  • প্ৰতিক্ৰিয়া (ফোল্ডাৰত হিতাধিকাৰী প্ৰতিক্ৰিয়া প্ৰ-পত্ৰ হিচাপে গাঁথি দিয়া হৈছে)